আজিৰে পৰা অনুষ্ঠিত বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন

বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিবেশনৰ প্ৰথম দিনা আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ২০২৫-২৬ বৰ্ষৰ বাবে পৰিষদৰ ৮৪৩ কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্রেন্ট বি টি আৰ অভিযানৰ পৰিকল্পনা বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে বাজেটত বহনক্ষম উন্নয়ন, সুশাসন আৰু সামাজিক সম্প্ৰীতিৰ মাধ্যমেৰে বড়োলেণ্ড আৰ্হিক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা সন্নিৱিষ্ট কৰা হৈছে। তেওঁ লগতে ভাষা, সংস্কৃতি আৰু সাহিত্য প্ৰসাৰৰ বাবে বড়োলেণ্ড সমূহীয়া উন্নয়ন বিভাগ স্থাপনৰ কথা ঘোষণা কৰে। চিৰাঙত বড়োলেণ্ড সমূহীয়া সংগ্ৰহালয় আৰু তামুলপুৰত বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু হৰ্ষ বিদ্যালয় স্থাপনৰ বিষয়েও তেওঁ উল্লেখ কৰে। বিধায়ানী পৰিষদৰ বিৰোধী পক্ষৰ নেতা বি পি এফৰ দেহাছাত বসুমতাৰীয়ে বাজেটখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণ সম্পৰ্কীয় উদ্বেগ দূৰ কৰাত বাজেটখন ব্যর্থ হোৱা বুলি সমালোচনা কৰে।