ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 1, 2025 12:25 PM | IPL 2025

printer

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ান্‌ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্‌ছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭-৩০ বজাত আৰম্ভ হ’ব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱানিশা পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক ৪ উইকেটত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৯ অ’ভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৯০ ৰান সংগ্রহ কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দুটা বল খেলিবলৈ বাকী থকা অৱস্থাত ছটা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।