আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত কৰে। বেংগালুৰুৱে প্ৰথমে বেট ধৰি ৰোমাৰিঅ’ ছেফাৰ্ডৰ আকৰ্ষণীয় অর্ধশতকৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্ৰহ কৰে। ছেফার্ডে ১৪ টা বলত ৫৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ হৈ মথেচা পথিৰানাই ৩ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ আয়ুষ মহাত্ৰে ৪৮ টা বলত ৯৪ ৰান কৰে। ৰবীন্দ্ৰ জাডেজাই ৪৫ টা বলত ৭৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। বেংগালুৰুৰ লুংগি এনগিডিয়ে ৩ টা উইকেট অৰ্জন কৰে। ছেফাৰ্ডক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ জয়ৰ সুবাদত বেংগালুৰুৱে ১৬ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীর্ষলৈ উন্নীত হয়। চেন্নাই ইতিমধ্যে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। ইডেন গার্ডেনছত বিয়লি চাৰে তিনি বজাত হ’বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সন্ধিয়া চাৰে ৭ বজাত হিমাচল প্ৰদেশৰ ধৰ্মশালাত হ’বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব।
Site Admin | May 4, 2025 11:56 AM | IPL 2025
আই পি এল ক্রিকেটঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত
