চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক পৰাস্ত কৰি ইতিমধ্যে প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।
Site Admin | May 24, 2024 8:40 PM | IPL
আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দাবাদ
