ডাউনলোড
মোবাইল এপ

android apple
signal

November 26, 2024 7:57 PM | Assam Orunodoi 3.0

printer

অৰুণোদয় ৩.০ ৰ কামৰূপ(ম) জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক

অৰুণোদয় আঁচনি ৩.০ ৰ ৰূপায়ণ সন্দৰ্ভত  আজি কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত কৃষি ইত্যাদি বিভাগ তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে  অংশগ্ৰহণ কৰে । বৈঠকত অভিভাৱক মন্ত্ৰী বৰাই  অৰুণোদয় ৩.০ ৰূপায়ণৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীয়ে গুৰুত্বসহকাৰে নিজৰ দায়িত্ব পালন কৰাৰ লগতে উপযুক্ত  হিতাধিকাৰী যাতে এই আঁচনিৰ পৰা বাদ নপৰে তাৰ প্ৰতি সজাগ আৰু সতৰ্ক হ’বলৈ নিৰ্দেশ  দিয়ে । জিলা আয়ুক্ত  সুমিত ছাত্তাৱানে হিতাধিকাৰীৰ নাম  অৰুণোদয় ৩.০ আঁচনিত অন্তৰ্ভুক্তিকৰণ  সন্দৰ্ভত  বিশদ বিৱৰণ  আগবঢ়ায় । উল্লেখযোগ্য যে  অৰুণোদয়  ৩.০ আঁচনিৰ  অধীনত বিধৱা, ৪৫ বছৰ উৰ্ধৰ অবিবাহিতা, বিবাহ বিচ্ছেদিতা তথা অকলশৰীয়া  মহিলা ,তৃতীয় লিংগৰ  ব্যক্তি, দিব্যাংগ হ’লে তেনে পৰিয়ালৰ মহিলা  আৰু এইচ আই ভি /থেলা চেমিয়া /হিম’ফেলিয়া /চেৰিব্ৰেল পালচি/কুষ্ঠ /অটিজিম স্পেকটাম বিকাৰত  আক্ৰান্ত  ৰোগী থকা পৰিয়ালৰ মহিলা, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীৰ লগতে মুঠ বাৰ্ষিক  উপাৰ্জন ২ লাখতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলক  এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব । প্ৰতিগৰাকী যোগ্য মহিলা হিতাধিকাৰীয়ে মাহে ১২৫০ টকাকৈ লাভ কৰিব ।  আনহাতে জিলা আয়ুক্তগৰাকীয়ে সম জিলা আয়ুক্তসকলক যথা সময়ত অৰুণোদয়ৰ ৩.০ৰ হিতাধিকাৰীৰ তথ্যসমূহ জমা দিবলৈ আহ্বান জনায় । আজিৰ এই বৈঠকত পূৱ গুৱাহাটী, সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ  ভট্টাচাৰ্য , জালুকবাৰী সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি,দিছপুৰ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি , গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ,জিলা উন্নয়ন আয়ুক্ত  পাৰিজাত ভূঁঞা, জালুকবাৰী সম জিলা আয়ুক্ত ,দিছপুৰ সম জিলা আয়ুক্ত,নিউ গুৱাহাটী সম জিলা আয়ুক্ত ,ডিমৰীয়া সম জিলা আয়ুক্ত,সহকাৰী আয়ুক্ত ,খাদ্য যোগান ৰাজহুৱা বিতৰণ বিভাগৰ উপ সঞ্চালক উপস্হিত  থাকে ।

অধিক পঢ়ক

সকলো চাওক