অহা মাহৰ ৩০ তাৰিখলৈকে আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে নিযুক্তি

আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে অহা মাহৰ ৩০ তাৰিখলৈকে নিযুক্তি দিয়া হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে আই এ এছ ৰাকেশ ৰঞ্জনক কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ লগতে ১৯৯১ বেটছৰ আই এ এছ অমিত যাদৱক সামাজিক, ন্যায় আৰু সবলীকৰণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩১ জুলাইত বিভাগটোৰ বৰ্তমানৰ সচিব সৌৰভ গাৰ্গে অৱসৰ লোৱাৰ পাছত অমিত যাদবে সচিবৰ দায়িত্ব গ্ৰহণ কৰিব। একেদৰে ১৯৯০ বেটছৰ আই এ এছ ৰাজকুমাৰ গোৱেলক গৃহ মন্ত্ৰ্যালয়ৰ সীমা ব্যৱস্থাপনা বিভাগৰ সচিবৰ পৰা আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ন্যায় বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে। ১৯৯২ বেটছৰ আই এ এছ ৰাজেন্দ্ৰ কুমাৰক সীমান্ত ব্যৱস্থাপনা বিভাগৰ সচিব হিচাপে নিযুক্তি দিবলৈ সমিতিখনে অনুমোদন জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।