অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ’ব। এয়া হ’ব দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয়, যে এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ’ব। দেশত প্ৰথমবাৰৰ বাবে এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ’ব বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয়, যে এণ্ড্ৰইদ আৰু আই অ’ এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৩০ লাখ কৰ্মচাৰীক নিয়োজিত কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | December 13, 2025 12:21 PM | Census 2027
অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব