ডাউনলোড
মোবাইল এপ

android apple
signal

অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বিশেষ অনুশীলনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

■ গৃহ মন্ত্ৰ্যালয়ে অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে কাইলৈ মকড্ৰিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সেই অনুসৰি মন্ত্ৰ্যালয়ে দেশৰ ২৪৪ খন অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুশীলন গাঁও পৰ্যায়লৈ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় গৃহসচিব গোবিন্দ মোহনে অসামৰিক প্ৰতিৰক্ষা মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে।
বিমানৰ সতৰ্কতা ব্যৱস্থাৰ লগতে ভাৰতীয় বায়ুসেনাৰ বাহিনীৰ সৈতে হটলাইন অথবা ৰেডিঅ’ সংযোগ ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰা আৰু নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰাটোৱেই হৈছে এই মকড্রিল অথবা বিশেষ অনুশীলনৰ প্ৰাথমিক উদ্দেশ্য। এই অনুশীলনৰ সময়ত যিকোনো দুৰ্যোগ অথবা আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষাৰ বিভিন্ন কৌশল অৱলম্বন সন্দৰ্ভত অসামৰিক লোক আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক