অসম মন্ত্রীসভাই আজি ডিমা হাচাও জিলাৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাঁচটা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ’ব। আজি দিছপুৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ বাবে ৩ হাজাৰ ৮৭৫ কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু ৮০ শতাংশ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। বৈঠকত কনকলতা বিশ্ববিদ্যালয়ৰ ৪০০ কোটি টকা ব্যয় অনুমোদন জনোৱা হৈছে। বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ সময়ত ভূমি অধিগ্ৰহণ কৰা পৰিয়ালসমূহৰ সদস্যক বিশ্ববিদ্যালয়ৰ চৌহদত স্থায়ী সংস্থাপন দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। এই বিশ্ববিদ্যালয়খনত কৃত্রিম বুদ্ধিমত্তা, আধুনিক সময়ৰ উদ্যোগ ক্ষেত্ৰকে ধৰি বিভিন্ন অত্যাধুনিক বিষয়ত পাঠদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আই আই টি গুৱাহাটী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও বিশেষজ্ঞ অধ্যাপকক এই বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম যুগুত কৰাৰ দায়িত্ব দিয়া হৈছে। বিশ্ববিদ্যালয়খনত সাধাৰণ পাঠ্যক্ৰম থাকিব যদিও প্রযুক্তি ক্ষেত্ৰখনত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ ৩০০টা কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীক ১৫ লাখ টকাকৈ আগবঢ়োৱাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী উৎকর্ষ যোজনা নামেৰে এই আঁচনি ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
Site Admin | June 4, 2025 7:57 PM | assam cabinet
অসম মন্ত্রীসভাত ডিমা হাচাওৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত
