ডাউনলোড
মোবাইল এপ

android apple
signal

June 9, 2025 7:41 PM | Assam Assembly

printer

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিমান বন্দৰ, ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে। আজি দিছপুৰত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত পৰিবহণ মন্ত্রী যোগেন মহনে এই সন্দৰ্ভত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। সদনত সংকল্প প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য মন্ত্রীসভাই এই সন্দৰ্ভত গ্রহণ কৰা সিদ্ধান্তমৰ্মে এই সংকল্প প্ৰস্তাৱটো উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তিমন্ত্রী প্রশান্ত ফুকনকে ধৰি শাসক-বিৰোধী উভয় পক্ষৰ সকলো বিধায়কে এই প্ৰস্তাৱৰ প্ৰতি সমর্থন আগবঢ়ায়।
আজি অনুষ্ঠিত অধিৱেশনৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ আৰু সাম্প্রতিক বান আৰু খহনীয়াত জীৱন হেৰুওৱা লোকসকলৰ লগতে জম্মু-কাশ্মীৰৰ পেহেলগাম আক্ৰমণত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত মৌন প্রার্থনা জনোৱা হয়। সদনৰ শূন্যকালত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু এ আই ইউ ডি এফৰ বিধায়ক আশ্রাফুল হুছেইনে অবৈধ বাংলাদেশী ঘূৰাই পঠিওৱা বিষয়টো সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নৰ উত্তৰত কয়, যে ৰাজ্যৰ পৰা অবৈধ বাংলাদেশীক ঘূৰাই পঠাবলৈ চৰকাৰ দৃঢ় প্রতিজ্ঞ। অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়ণ কৰিবলৈ জিলা আয়ুক্তক ১৯৫০ চনৰ আইন অনুসৰি ক্ষমতা প্ৰদান কৰা হৈছে।

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই বৰদুৱাৰ চাহ বাগিচাক অন্তৰ্ভুক্ত কৰি প্ৰস্তাৱিত পলাশবাৰী ছেটেলাইট টাউনশ্বিপৰ বিষয়টো উত্থাপন কৰে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গোৱালপাৰাৰ লক্ষীপুৰৰ উচ্ছেদ সন্দৰ্ভত কৰা প্ৰশ্নৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ে। ৰাক্ষসিনী পাহাৰৰ ভূমি সন্দৰ্ভত বিধায়ক শ্বেৰমান আলীয়ে প্রশ্ন উত্থাপন কৰে। আজিৰ এই এদিনীয়া অধিৱেশনত জলজীৱন মিছন সন্দৰ্ভতো আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক