ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তিৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব

■ ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্রমে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব। সেইদৰে অহা ৬ মাৰ্চত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ আৰু ৭ মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ানৰ কনিষ্টবল পদৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই পৰীক্ষাত উত্তীৰ্ণসকলক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অনুতীৰ্ণসকলক হতাশ নহৈ অহা বছৰ পুনৰ চেষ্টা কৰাৰ বাবে তেওঁ পৰামৰ্শ দিছে।