উচ্চতম ন্যায়ালয়ে আজি ভুৱা বুলি অভিযোগ উঠা অসমৰ সংঘৰ্ষৰ গোচৰসমূহ স্বতন্ত্রভাৱে তদন্ত কৰিবলৈ অসম মানৱাধিকাৰ আয়োগক নিৰ্দেশ দিছে। আফি য়াচিন জোৱাদ্দাৰ নামৰ এজন অধিবক্তাই ২০২৩ চনত দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ সূর্যকান্ত আৰু এন ক’টিশ্বৰ সিঙৰ বিচাৰপীঠে ২০২১ৰ মে’ আৰু ২০২২ চনৰ আগষ্টৰ ভিতৰত সংঘটিত এনে ১৭১টা গোচৰৰ খটকীয়াভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে যোৱা ২৫ ফেব্ৰুৱাৰীত স্বতন্ত্র তদন্তৰ অনুৰোধ জনাই দাখিল কৰা আবেদনখন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছিল।
Site Admin | May 28, 2025 9:00 PM | SC Direction
অসমৰ সংঘৰ্ষৰ গোচৰসমূহ স্বতন্ত্রভাৱে তদন্ত কৰিবলৈ অসম মানৱাধিকাৰ আয়োগক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
