ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন

অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য কালি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰ’ত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰ দেহত মুখাগ্নি কৰাৰ লগে লগে অগণিত অনুৰাগীয়ে অশ্রু-অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্বৰে মায়াবিনী গীত গাই শেষ শ্রদ্ধা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, প্রধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সমাধিস্থলীত প্রিয় শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰে। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, এবছু, আটাছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়েও শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যখনৰ আবাসিক আয়ুক্তই জনতাৰ শিল্পীজনক শেষ শ্রদ্ধা জনায়।
ভগ্নী পামী বৰঠাকুৰে চিতাত মুখাগ্নি কৰে। তেওঁক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে। ২১ জাঁই টোপধবনিৰে আৰক্ষীয়েও শিল্পীগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। উপস্থিত অগণন লোকৰ জয়ধ্বনিৰ মাজেৰে অৱশেষত পঞ্চভূতত বিলিন হ’ল গানেৰে জনতাৰ হৃদয়ত ঘৰ সজা শিল্পী জুবিন গাৰ্গ।
ইয়াৰ আগেয়ে কালি পুৱা ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ পৰা জুবিনৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল। শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গে শেষকৃত্যৰ পাছত অস্থি সংগ্ৰহ কৰাৰ লগতে সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰিয় নাহৰ পুলি ৰোপণ কৰে।
পৰিয়ালৰ সিদ্ধান্তমৰ্মে শিল্পীগৰাকীৰ ১৩ দিনীয়া শ্রাদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ’ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব। ৰাইজে চিতাভস্মৰ বাবে আবেদন কৰিব পৰাকৈ এটা প’ৰ্টেল মুকলি কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি শিল্পীগৰাকীৰ সন্মানার্থে কালি অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকে। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহো বন্ধ থাকে যদিও বাকী সকলো ঠাইতে কার্যালয় খোলা ৰখা হয়। শিল্পীগৰাকীৰ সন্মানার্থে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ো বন্ধ ৰখা হয়।
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিক লৈ দেশ-বিদেশৰ ভালেমান সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছে। তদুপৰি বহু যশস্বী সংগীত তাৰকাই তেওঁৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে।
মায়াৰ পৃথিৱী এৰি আদৰৰ শিল্পীগৰাকী কায়িকভাৱে আঁতৰি গৈছে যদিও সৃষ্টিৰাজি আৰু মানৱতাৰ সংজ্ঞাৰে তেওঁ অসমত চিৰদিন জীয়াই থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।