ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ’লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্রবাসীসকলক সেৱা আগবঢ়োৱাত অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে এই উদ্বোধন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক সম্পৰ্কৰ্ক মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ লগতে কয় যে, কনচ’লেট জেনেৰেল হৈছে যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াত ভাৰতীয় সম্প্রদায়ক দিয়া প্ৰতিশ্ৰুতিৰ বাস্তবিক ৰূপ।বিদেশ মন্ত্ৰীগৰাকীয়ে কুইন্সলেণ্ডৰ গৱর্নৰ ড০ জিতে য়ঙকো সাক্ষাৎ কৰে। এই সাক্ষাত্ৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ভাৰত আৰু কুইন্সলেণ্ডৰ মাজত অর্থনৈতিক, বাণিজ্যিক আৰু বিনিয়োগৰ সহযোগিতা শক্তিশালী কৰা সুযোগ আৰু উপায়সমূহৰ বিষয়ে আলোচনা কৰে।