অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব। অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে আজি এই কথা সদৰি কৰিছে। নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কার্যালয়ত আযোজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিয়াত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ পোষকতা কৰে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বছৰৰ শ্ৰেষ্ঠ ক্রীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান খেলুৱৈ বঁটাকে ধৰি পোনপ্ৰথমবাৰৰ বাবে ৩টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত ৫, ৩ আৰু ২ লাখ টকাৰ পুৰস্কাৰ থাকিব। অর্জুন মনালিছা বৰুৱা, অভিজিত ভট্টাচার্যকে ধৰি ৩ গৰাকী খেলুৱৈ অন্তর্ভুক্ত হৈ থকা কমিটি এখন গঠনৰ জৰিয়তে শ্রেষ্ঠ খেলুৱৈসকলক বাচনি কৰা হ’ব। অহা ৩ ছেপ্তেম্বৰত শিৱসাগৰত এই কাৰ্যসূচী আয়োজিত হ’ব বুলি শ্ৰীসোণোৱালে সদৰি কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।
Site Admin | July 6, 2025 8:38 PM | Sarbanada Sonowal at AOA
অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব
