অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰাসহ ৮ জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰা নামৰ ৮ জন অভিযুক্তক আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে আটাইকেইজন অভিযুক্তকে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। অহা ২৮ অক্টোবৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই অভিযুক্তকেইজনক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই জিম্মাত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অসম চৰকাৰে অবৈধ অনলাইন ট্রেডিং সন্দৰ্ভত ৰুজু হোৱা ৪১ টা গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক প্ৰদান কৰিছিল। ইয়াৰ ভিত্তিত সংস্থাটোৱে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।